ৰাজ্যত শেহতীয়া বানপানীয়ে সৃষ্টি কৰা ভয়াৱহ পৰিস্থিতিৰ মাজতে বানপীড়িত লোকসকলৰ কাষত থিয় দিছে কণ্ঠশিল্পী ময়ূৰী দত্ত। গানৰ পৃথিৱীৰ পৰা কিছুদিনৰ বাবে বিৰতি লৈ মানৱতাৰ সেৱাত নিজকে নিয়োজিত কৰিছে শিল্পীগৰাকীয়ে।বানপানীৰ ফলত বহু পৰিয়ালৰ ঘৰ-দুৱাৰ ক্ষতিগ্ৰস্ত হোৱাৰ লগতে খোৱাপানীৰ সমস্যাইও জটিল ৰূপ ধাৰণ কৰিছে। এনে সময়তে বানাক্ৰান্ত লোকসকলক সহায়ৰ হাত আগবঢ়াই ময়ূৰী দত্তই কেৱল সাহায্য প্ৰদানতে সীমাবদ্ধ নথাকি নিজেই বিভিন্ন সেৱামূলক কামত অংশগ্ৰহণ কৰিছে।
বানপীড়িত পৰিয়ালৰ বাবে ঘৰ সাজি দিয়াৰ লগতে খোৱাপানীৰ বাবে কুঁৱা পৰিষ্কাৰ কৰাৰ কামতো আগভাগ লৈছে কণ্ঠশিল্পীগৰাকীয়ে। বানৰ পানী নামি যোৱাৰ পাছত বহু কুঁৱাৰ পানী ব্যৱহাৰৰ অনুপযোগী হৈ পৰাত বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰাটো বানাক্ৰান্তসকলৰ বাবে এক গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বান হৈ পৰিছে। এই সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি ময়ূৰীয়ে নিজেই কুঁৱা পৰিষ্কাৰ কৰাৰ কামত হাত উজান দিছে।
ইয়াৰ মাজতে বানপীড়িত লোকসকলৰ সৈতে একেলগে বহি এসাঁজ ভাত খাইছে ময়ূৰী দত্তই। বানাক্ৰান্তসকলৰ সৈতে সময় কটাই তেওঁলোকৰ দুখ-কষ্টৰ বুজ লোৱাৰ লগতে বিলাইছে আপোনত্ব আৰু মানসিক সাহস।
শিল্পীগৰাকীৰ এই মানৱীয় পদক্ষেপে বানপীড়িত লোকসকলৰ মাজত আশাৰ সঞ্চাৰ কৰাৰ লগতে সমাজৰ আন লোকসকলকো দুৰ্যোগৰ সময়ত অসহায় লোকৰ কাষত থিয় হ’বলৈ অনুপ্ৰাণিত কৰিছে।
গানৰ জৰিয়তে শ্ৰোতাৰ হৃদয় জয় কৰা ময়ূৰী দত্তই এইবাৰ সংগীতৰ মঞ্চৰ পৰা আঁতৰি মানৱতাৰ মঞ্চত নিজৰ ভূমিকা পালন কৰিছে। ঘৰ নিৰ্মাণৰ পৰা কুঁৱা পৰিষ্কাৰ কৰা আৰু বানাক্ৰান্তৰ সৈতে একেলগে এসাঁজ ভাত খোৱালৈ—তেওঁৰ এই পদক্ষেপত প্ৰতিফলিত হৈছে সহমৰ্মিতা, আপোনত্ব আৰু মানৱতাৰ এক সুন্দৰ নিদৰ্শন।
#assam#mayuridutta #highlight #newsupdate #newstimene





